Attack on journalist home: দুলীয়াজানৰ সাংবাদিকৰ বাসগৃহত দুস্কৃতিকাৰীৰ আক্ৰমণ

By

Published : Aug 6, 2022, 3:59 PM IST

thumbnail

এইবাৰ দুস্কৃতিকাৰীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিল সাংবাদিক । দুলীয়াজানৰ সাংবাদিক প্ৰণৱজিৎ বড়াৰ বাসগৃহত দুস্কৃতিকাৰীৰ আক্ৰমণ (Miscreants attack journalist home) । গাড়ী আৰু মটৰ চাইকেলত অহা এটা দুস্কৃতিকাৰী দলে সাংবাদিক গৰাকীৰ বাসগৃহত প্ৰৱেশৰ চেষ্টা চলাই যদিও ব্যৰ্থ হয় । পিছত দুস্কৃতিকাৰী দলটোৱে সাংবাদিক গৰাকীৰ AS 06 R 9212 নম্বৰৰ মাৰুতি গাড়ীখনৰ বিয়েৰ বটলেৰে আক্ৰমণ কৰি বিস্তৰ ক্ষতি সাধন কৰে । শেহতীয়াকৈ দুলীয়াজান আৰক্ষী আৰু অইল নিৰাপত্তা বিভাগ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । বিভিন্ন দল সংগঠন, সাংবাদিক মহলে এই ঘটনাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৰিহণা জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.