DGP on Child Safety: ৰাজ্যত চাৰি মাহত শিশু-মহিলা সম্পৰ্কীয় ৯১৩ টা গোচৰ ৰুজু

By

Published : Jul 14, 2022, 9:02 PM IST

thumbnail

ৰাজ্যত চাৰি মাহত শিশু-মহিলা সম্পৰ্কীয় ৯১৩ টা গোচৰ ৰুজু হোৱাৰ লগতে ১৬৩ টাকৈ মানৱ দেহ সৰবৰাহৰ ঘটনা সংঘটিত হৈছে ৷ আনহাতে এনে ঘটনাৰ লগত জড়িত ২৫৩ জন লোকক ইতিমধ্যে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই(DGP Assam bhaskar jyoti mahanta) বৃহস্পতিবাৰে সদৰি কৰে এই তথ্য ৷ ৰাজ্যত শিশু-মহিলাৰ নিৰাপত্তা অধিক সক্ৰিয় কৰিবলৈ চিআইডিৰ উদ্যোগত বৃহস্পতিবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন বৈঠকৰ আয়োজন কৰা হয় ৷ শিশু-মহিলাৰ নিৰাপত্তাৰ বাবে কাম কৰি থকা সংস্থাৰ সৈতে বৈঠকত মিলিত হয় অসম আৰক্ষীৰ শীৰ্ষ বিষয়া(Assam Police hold meeting on women and child safety) ৷ এই বৈঠকত আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৰাজ্যত শিশু-মহিলাৰ নিৰাপত্তাৰ বিভিন্ন দিশৰ বিষয়ে সদৰি কৰাৰ লগতে এই তথ্য উল্লেখ কৰে ৷ তেওঁ লগতে ৰাজ্যত বিগত এটা বছৰত ১১ খন জিলাত মহিলাৰ বিশেষ শাখা মুকলি কৰাৰ কথা জানিবলৈ দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.