টিংখাঙৰ এগৰাকী কণমানি কণ্ঠশিল্পীৰ কণ্ঠই মোহিত কৰিছে সকলোকে

By

Published : Sep 30, 2022, 10:04 AM IST

thumbnail

টিংখাঙৰ এগৰাকী কণমানি কণ্ঠশিল্পীয়ে মন জয় কৰিছে সকলোৰে (A little singer from Tingkhong) ৷ টিংখাঙৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত অসাধাৰণ প্ৰতিভাৰ আভাৰে জিলিকিছে উদীয়মান কন্ঠশিল্পী দিব্যাংগনা কোঁৱৰ ৷ শলগুৰি টিপমীয়া গাঁৱৰ গুঞ্জন কোঁৱৰ আৰু মমী কোঁৱৰৰ কন্যা দিব্যাংগনাৰ সৰুৰে পৰাই আছে সংগীতৰ প্ৰতি দুৰ্বাৰ হেঁপাহ । প্ৰায় ৪ বছৰ বয়সৰ পৰাই গান গাবলৈ শিকা দিব্যাংগনাই সংগীতৰ শিক্ষক অতুল ফুকনৰ হাতত ধৰি অতি কম সময়তে সংগীতৰ ক্ষেত্ৰখনত এক বলিষ্ঠ খোজ আগবঢ়াবলৈ সক্ষম হৈছে । বিহুগীতৰ পৰা লোকগীতলৈ , ভূপেন হাজৰিকাৰ পৰা জুবিন গাৰ্গলৈ প্ৰায় সকলোৰে গীত গাই শলগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী দিব্যাংগনাই সংগীত প্ৰেমীসকলৰ মন জয় কৰিবলৈ সক্ষম হৈছে । দিব্যাঙ্গনাই কন্ঠদান কৰা ' তুমি চাগে আহিবা ' নামৰ এলবামৰ " নীবিড় জোনাক " শীৰ্ষক গীতটোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ৷ ইয়াৰ মাজতে শাৰদীয় দুৰ্গোৎসৱৰ (Durga Puja 2022) সময়তে ৰাইজলৈ বুলি 'তুমি চাগে আহিবা' এলবামৰ দ্বিতীয়টো গীত উপহাৰ হিচাপে আগবঢ়াবলৈ প্ৰস্তুতি চলাইছে কণমানিগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.