আই নদীত বিলীন 50 খন গাঁৱৰ ভৰসাৰ স্থল এখন বাঁহৰ দলং

By

Published : Jun 7, 2021, 9:46 PM IST

thumbnail

বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাজেৰে বৈ যোৱা আই নদীৰ ওপৰত থকা এখন দীঘলীয়া বাঁহৰ দলং ৷ প্ৰায় 500 ফুট দীঘল এই বাঁহৰ দলংখনেই আছিলে বৃহত্তৰ অঞ্চলৰ একমাত্ৰ যাতায়াতৰ ভৰসা ৷ অভয়াপুৰী, সৃজনগ্ৰাম বৰঘোলা কীৰ্তনপাৰা সংযোগী অতি গুৰুত্বপূৰ্ণ এই দলংখনেৰেই প্ৰায় 50 খন গাঁৱৰ মানুহে অহা-যোৱা কৰে যদিও সোমবাৰে আই নদীৰ ওপৰত থকা দলংখন উটুৱাই নিয়ে বাঢ়নী পানীয়ে ৷ প্ৰায় 40 কোটি 44 লাখ টকা ব্যয় সাপেক্ষে 400 মিটাৰ দৈৰ্ঘৰ পকী দলংখন আধৰুৱা হৈ থকাত নদী পাৰ হ'বলৈ বিকল্প পথ হিচাপে এক মাত্ৰ ভৰসা আছিল বাঁহৰ দলংখন ৷ কিন্তু দীৰ্ঘদিনে অঞ্চলটোৰ ৰাইজে মেৰামতিৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাচতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.