ব্ৰহ্মপুত্ৰত জাঁপ দি আত্মহত্যাৰ কৰাৰ চেষ্টা চলালে মাতৃসহ কন্যাই

By

Published : Feb 6, 2022, 6:06 PM IST

Updated : Feb 6, 2022, 7:04 PM IST

thumbnail

যোৰহাটৰ নিমাতি ঘাটত সংঘটিত হৈছে এক অঘটন ৷ মাতৃসহ কন্যাই আত্মহত্যা কৰিবলৈ জাঁপ দিলে ব্ৰহ্মপুত্ৰত (Women attempted suicide with daughter at Nimatighat) ৷ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় যুৱকৰ তৎপৰতাত ব্ৰহ্মপুত্ৰৰ বুকৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰা হয় ৷ পিছে বৰ্তমানেও বহ্মপুত্ৰৰ বুকুত সন্ধানহীন 8 বছৰীয়া কন্যা ৷ ইতিমধ্যে 8 বছৰীয়া কন্যা সন্তানগৰাকীক উদ্ধাৰৰ বাবে অভিযানত নামি পৰিছে এচ ডি আৰ এফ বাহিনী (SDRF rescue mission in Nimatighat) ৷আৰক্ষী সূত্ৰই জনোৱা মতে, আত্মহত্যাৰ চেষ্টা কৰা মহিলাগৰাকী গৰখীয়া দল কুহুম জুগনীয়া গাঁৱৰ জুনমনি বাৰিক বুলি জানিব পৰা গৈছে ৷ কি কাৰণত এই ঘটনাটো সংঘটিত হৈছে তাৰ কাৰণ এই পৰ্যন্ত জানিব পৰা নাই ৷

Last Updated : Feb 6, 2022, 7:04 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.