নগাঁও চহৰত গছত বান্ধি এগৰাকী মহিলাক চৰম নিৰ্যাতন

By

Published : Aug 30, 2021, 9:41 PM IST

thumbnail

পৰকীয় প্ৰেমৰ ঘটনাক লৈ নগাঁও চহৰৰ আমোলাপট্টিত দেওবাৰে পুৱাই সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতি ৷ এগৰাকী মহিলাক গছত বান্ধি আতিশাৰ্য চলালে আন দুগৰাকী মহিলাই ৷ প্ৰাপ্ত তথ্য মতে, নিৰ্যাতনৰ বলি হোৱা মহিলা গৰাকী মৰিগাঁও জিলাৰ ভুৰাগাঁৱৰ পৰা আহি আমোলাপট্টিৰ এটা ভাড়া ঘৰত আছে ৷ মহিলা গৰাকীয়ে সেনা বাহিনীত কৰ্মৰত এজন বিবাহিত লোকৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে সেনা বাহিনীত কৰ্মৰত লোকজনৰ পত্নী আৰু পৰিয়ালৰ লোকে দেওবাৰে আমোলাপট্টিলৈ আহি মহিলা গৰাকীক গছত বান্ধি শাৰীৰিক ভাবে অপদস্থ কৰে ৷ ৰাজহুৱা স্থানত এগৰাকী মহিলাক গছত বান্ধি নিৰ্যাতন চলোৱা ঘটনাকলৈ সমগ্ৰ নগাঁৱতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.