দৰঙত প্ৰতিষেধক প্ৰদান অভিযান নিৰীক্ষণ চন্দ্ৰ মোহন পাটোৱাৰীৰ

By

Published : Jun 21, 2021, 10:39 PM IST

thumbnail

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে মেগা ভেকচিনেচন ড্ৰাইভ(Mega vaccination dribe) ৷ ইয়াৰ মাজতে সোমবাৰে পুৱাৰ ভাগতে মঙলদৈত উপস্থিত হৈ দৰঙৰ কেইবাটাও মডেল প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে৷ মঙলদৈ চহৰৰ মঙলদৈ নগৰ বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত স্থাপন কৰা ভেকচিনেচন কেন্দ্ৰটো পৰিদৰ্শন কৰি পাটোৱাৰীয়ে কয় যে, দৈনিক 7 হাজাৰ ভেকচিন দিয়াৰ পৰিকল্পনা কৰিছিল যদিও মেগা ভেকচিনেচন ড্ৰাইভৰ আৰম্ভণিৰ দিনটোতে জিলা স্বাস্থ্য বিভাগে 8500 ভেকচিন দিবলৈ সক্ষম হয় ৷ লগতে পৰিকল্পনা কৰাতকৈ বেছি ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হোৱা বাবে দৰং জিলা প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগক ধন্যবাদ জনাই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷ উল্লেখ্য যে,বৰ্তমানলৈকে জিলা খনত 1 লাখ 3 হাজাৰ 320 টা ভেকচিন দিয়াৰ বিপৰীতে প্ৰায় 6 লাখ লোকক ভেকচিন দিবলৈ বাকী আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.