লামডিং সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠ ব্যৱসায়ী আটক

By

Published : Oct 28, 2021, 11:54 AM IST

thumbnail

লামডিং সংৰক্ষিত বনাঞ্চল(Lumding Reserve Forest)ৰ ভিতৰত দুটাকৈ চোৰাং কাঠ ব্যৱসায়ী আটক । বুধবাৰে পুৱাৰ ভাগত লামডিং সংৰক্ষিত বনাঞ্চলত এক অভিযান চলাই চোৰাং কাঠ বেপাৰী দুটা আটক কৰে লংকা আঞ্চলিক বন বিভাগে(Lanka Range Forest Department) ৷ অভিযান কালত গছ কাটিবলৈ ব্যৱহাৰ কৰা সা-সৰঞ্জামো জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ লোকে । লংকা আঞ্চলিক বন বিষয়া নিৰুদ কুমাৰ সুতে জানিবলৈ দিয়া মতে, আটকাধীন কাঠ বেপাৰী দুটা দিলদাৰ হুছেইন আৰু খাইৰুল হক বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.