গৰুখুটি কাণ্ড : ছিপাঝাৰত খিলঞ্জীয়া যুৱ সমাজৰ কৃতজ্ঞতা যাত্ৰা

By

Published : Sep 24, 2021, 10:05 PM IST

thumbnail

ৰাজ্যজুৰি গৰুখুটি কাণ্ডকলৈ চাঞ্চল্য অব্যাহত আছে ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিকলৈ সমগ্ৰ দেশতেই এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এনে সময়তে ছিপাঝাৰত খিলঞ্জীয়া যুৱ সমাজে বৃহস্পতিবাৰৰ ঘটনাৰ বাবে দৰং আৰক্ষীক কৃতজ্ঞতা জ্ঞাপন কৰি কৃতজ্ঞতা যাত্ৰা শীৰ্ষক এক সমদলত অংশ লয় ৷ ঢলপুৰত বেদখলকাৰীৰ সম্পূৰ্ণ উচ্ছেদৰ দাবী আৰু আৰক্ষীক সমৰ্থন কৰি ছিপাঝাৰৰ ঘোঁৰাবান্ধাৰ পৰা এইদৰে সমদল কৰি একাংশ স্থানীয় যুৱক-যুৱতী ছিপাঝাৰ আৰক্ষী চকীত উপস্থিত হয় ৷ ঢলপুৰত আৰক্ষীয়ে লোৱা ভূমিকাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি বেদখলকাৰীক সাৱধান বাণী শুনাই যুৱ সমাজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.