লোকশিল্পী প্ৰভাত শৰ্মালৈ চাউলখোৱা বঁটা

By

Published : Feb 9, 2022, 2:25 PM IST

thumbnail

অহা ২২ মাৰ্চৰ পৰা ১০ দিনীয়া কাৰ্যসূচীৰে বৰপেটাত অনুষ্ঠিত হ'ব চাউলখোৱা মহোৎসৱ (Saulkhowa Festival to be held in Barpeta)৷ বৰপেটা চহৰৰ মাজৰে বৈ যোৱা চাউলখোৱা নৈৰ পাৰত আপৰাইজিং য়ুথচ্ হেল্থ অৰ্গেনাইজেশ্যন(Uprising Youths Health Organization) নামৰ সংস্থাটোৱে চাউলখোৱা মহোৎসৱ উদযাপন কৰি আহিছে ৷ ক'ভিড পৰিস্থিতিৰ বাবে বিগত দুটা বছৰ চাউলখোৱা মহোৎসৱ অনুষ্ঠিত হোৱা নাছিল যদিও এইবেলি মহোৎসৱ পুনৰ অনুষ্ঠিত কৰিব আয়োজকসকলে ৷ চাউলখোৱা মহোৎসৱ উদযাপন সম্পৰ্কে সংবাদমেল সম্বোধন কৰি উদযাপন সমিতিৰ সভাপতি ৰিংকু আহমেদে এই কথা অৱগত কৰে ৷ চাউলখোৱা মহোৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৰাজ্যিক ভিত্তিত একাধিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব বুলিও জানিবলৈ দিয়ে সভাপতিগৰাকীয়ে ৷ ইফালে চাউলখোৱা মহোৎসৱ উপলক্ষ্যে প্ৰদান কৰা চাউলখোৱা বঁটা এইবাৰ মৰণোত্তৰভাৱে লোকশিল্পী প্ৰভাত শৰ্মাক প্ৰদান কৰা হ'ব ৰিংকু আহমেদে ঘোষণা কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.