দৰ্শকৰ বাবে মুকলি প্ৰথম অসমীয়া কল্পবিজ্ঞান ভিত্তিক চলচ্চিত্ৰ ‘অৱতৰণ’

By

Published : Nov 21, 2021, 10:46 PM IST

thumbnail

প্ৰথম অসমীয়া কল্পবিজ্ঞান ভিত্তিত চলচ্চিত্ৰ ‘অৱতৰণ’ ৷ নতুন সোৱাদ, নতুন দৃষ্টিধাৰাৰে নিৰ্মিত পূৰ্ণ দৈৰ্ঘৰ কল্পবিজ্ঞান ভিত্তিত চলচ্চিত্ৰ ‘অৱতৰণ’ৰ প্ৰথম দৰ্শনী শনিবাৰে মুকলি কৰা হয় নলবাৰী নাট্যমন্দিৰত ৷ চলচ্চিত্ৰখনৰ পৰিচালক তৰুণাভ দত্তই উল্লেখ কৰা অনুসৰি, কল্পবিজ্ঞান ভিত্তিত নিৰ্মিত এই চলচ্চিত্ৰখন নিৰ্মাণ কৰোতে প্ৰয়োজন হৈছে 9 টাকৈ বছৰ ৷ আনহাতে, কল্পবিজ্ঞান ভিত্তিত নিৰ্মাণ কৰা প্ৰথমখন চলচ্চিত্ৰ ‘অৱতৰণ’ত অভিনয় কৰিছে কেইবাগৰাকীও বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়ে ৷ ইফালে এই চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰিমা কাইফে ৷ আনহাতে, নলবাৰী নাট্যমন্দিৰত শনিবাৰৰ পৰা ২৩ নৱেম্বৰলৈ ৩ দিনত ৯ টাকৈ দৰ্শনী প্ৰদৰ্শন কৰিব বুলি চলচ্চিত্ৰখনৰ পৰিচালক তৰুণাভ দত্তই জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.