শিল্পী ৰবিৰাম ব্ৰহ্ম-মন্টু দাসলৈ আৰ্টিষ্ট গীল্ডৰ বেণু মিশ্ৰ সোঁৱৰণী বঁটা

By

Published : Feb 9, 2022, 11:54 AM IST

thumbnail

গুৱাহাটী আৰ্টিষ্ট গীল্ডে নুমলীগড় শোধানাগাৰ চমুকৈ এন আৰ এলৰ সহযোগত আগবঢ়াই অহা শিল্পী বেণু মিশ্ৰ সোঁৱৰণী বঁটা-২০২২লৈ নিৰ্বাচিত কৰিছে দুগৰাকী শিল্পীক । জ্যেষ্ঠ শিল্পী ৰবিৰাম ব্ৰহ্ম আৰু উদীয়মান শিল্পী মন্টু দাসক প্ৰদান কৰা হ'ব এই বঁটা । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাসে(Guwahati Artist Guilds GS Press meet) । শিল্পী ৰবিৰাম ব্ৰহ্ম হৈছে ওদালগুৰি শিল্প গ্ৰামৰ প্ৰধান উদ্যোক্তা । আনহাতে মন্টু দাসে চিত্ৰকলাৰ ক্ষেত্ৰখনলৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিছে ৷ গুৱাহাটী বিবেকানন্দ কেন্দ্ৰত ৬ মাৰ্চত দুয়োগৰাকী শিল্পীকে প্ৰদান কৰা হ'ব এই বঁটা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.