শিৱসাগৰত আহোম সেনাৰ অভিনৱ প্ৰতিবাদ

By

Published : Oct 23, 2021, 8:19 AM IST

Updated : Oct 23, 2021, 9:01 AM IST

thumbnail

শিৱসাগৰ নগৰত আহোম সেনাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ৷ আহোম সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে দেশৰ সামগ্ৰিক মূল্যবৃদ্ধি আৰু আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত শুকুৰবাৰে নগৰৰ মুক্তিনাথ চাৰিআলিত এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইন্ধন, ৰন্ধন গেছৰ লগতে সমগ্ৰ ৰাজ্যৰ বজাৰত লগা জুই বিজেপি চৰকাৰে ৰোধ কৰাত ব্যৰ্থ হোৱাৰ প্ৰতিবাদত হাতে হাতে থালী-বাতি লৈ আহোম সেনাৰ কৰ্মীয়ে চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে ৷ খালে ঐ খালে, দেশখন খালে শীৰ্ষক শ্ল’গানেৰে অনতিপলমে ৰাজ্যৰ সামগ্ৰিক মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে দশক দশক ধৰি আহোম জনগোষ্ঠীয়ে প্ৰদান কৰি অহা জনজাতিকৰণৰ দাবী পূৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায় সংগঠনটোৱে ৷

Last Updated : Oct 23, 2021, 9:01 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.