বিধায়ক শ্বেৰমানৰ মুক্তিৰ দাবীত মাণিকপুৰত প্ৰতিবাদ

By

Published : Oct 11, 2021, 8:28 AM IST

thumbnail

বৰপেটা জিলাৰ বাঘবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাণিকপুৰ তিনিআলিত দেওবাৰে সন্ধিয়া একাংশ ৰাইজে হাতে হাতে জুমুঠি লৈ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । বিধায়ক শ্বেৰমান আলী আহমেদৰ মুক্তিৰ দাবীত বিগত কেইবাদিনো ধৰি অব্যাহত আছে প্ৰতিবাদ ৷ ইয়াৰ মাজতে দেওবাৰে সন্ধিয়া সমষ্টিটোৰ মাণিকপুৰ তিনিআলিত পঞ্চায়তৰ একাংশ ৰাইজে বিধায়কগৰাকীৰ মুক্তিৰ দাবীত স্থানীয় বজাৰ-ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি দলে-বলে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে বিনা চৰ্তে বিধায়কগৰাকীক শীঘ্ৰে মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.