Nalbari Planetarium : শীঘ্ৰে মুকলি কৰা হ'ব নলবাৰী তাৰাকাগৃহ

By

Published : Nov 26, 2021, 2:11 PM IST

thumbnail

বৃহস্পতিবাৰে নলবাৰীত উপস্থিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta visits Nalbari)। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নলবাৰীত উপস্থিত হৈ ঘগ্ৰাপাৰৰ সমীপৱৰ্তী দক্ষিণগাঁওত নিৰ্মীয়মান অৱস্থাত থকা নলবাৰী চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰে (Keshab Mahanta visits Nalbari Medical College) ।নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয় । ইফালে স্বাস্থ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে নলবাৰীৰ উপায়ুক্ত গীতিমণি ফুকনৰ লগতে কেইবাগৰাকীও বিষয়া আৰু নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই । লগতে মন্ত্ৰী গৰাকীয়ে নলবাৰীৰ সৰিয়হতলীত নিৰ্মাণৰত অৱস্থাত থকা নলবাৰী তাৰাকাগৃহও পৰিদৰ্শন কৰে (Health Minister visits Nalbari Planetarium)। অতিশীঘ্ৰেই এই তাৰকাগৃহটো (Nalbari Planetarium)মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে । ইফালে নলবাৰী চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ অহাবৰ্ষত এই চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হ'ব বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । লগতে এই চিকিৎসা মহাবিদ্যালয়খনত নিযুক্তিৰ ক্ষেত্ৰতো কোনোধৰণৰ কেজুৱেল কৰ্মচাৰী নাথাকে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে । চিকিৎসা মহাবিদ্যালয়খন আৰম্ভ হোৱাৰ প্ৰায় ছমাহ পূৰ্বে এই নিযুক্তিৰ কাম আৰম্ভ হ'ব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.