হঠাৎ স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰিলে বিধায়ক প্ৰদীপ হাজৰিকাই

By

Published : May 16, 2021, 1:11 PM IST

Updated : May 16, 2021, 2:06 PM IST

thumbnail

আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা শনিবাৰে আকস্মিকভাৱে উপস্থিত হয় নিজ সমষ্টিত ৷ সমষ্টিটোৰ কেইবাখনো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰ্যবেক্ষণ কৰি শেহতীয়া পৰিস্থিৰ বুজ লয় বিধায়কগৰাকীয়ে ৷ বিভিন্ন সময়ত দিখৌমুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু নামতি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিভিন্ন সময়ত চিকিৎসকে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে কৰ'না মহামাৰীৰ এই জটিল সন্ধিক্ষণত আকস্মিক পৰিদৰ্শন কৰে বিধায়ক হাজৰিকাই ৷ দিখৌমুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কোনো এজন চিকিৎসকত কৰ্তব্যত নাপাই ক্ষোভিত হৈ পৰাৰ লগতে পৰৱৰ্তী সময়ত নিৰৱিচ্ছিন্নভাৱে জনসাধাৰণৰ লগত থাকি দৃঢ়তাৰে দায়িত্ব পালন কৰিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ প্ৰদান কৰে।

Last Updated : May 16, 2021, 2:06 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.