আৰক্ষী অধীক্ষকৰ সন্মিলনে শক্তিশালী কৰিব ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা : সঞ্জয় কিষাণ

By

Published : Jan 4, 2022, 8:30 PM IST

thumbnail

ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে অসম আৰক্ষীক অধিক দক্ষ আৰু কাৰ্যক্ষম কৰি তুলিবলৈ কাজিৰঙাত প্ৰথমখন আৰক্ষী অধীক্ষকৰ সকলৰ সন্মিলন অনুষ্ঠিত কৰাৰ পাছত দ্বিতীয়খন সন্মিলন অনুষ্ঠিত হৈছে দুলিয়াজানত (SP's conference in Duliajan) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarama)ই নিজে তদাৰক কৰিছে সন্মিলনৰ সকলো ব্যৱস্থাৱলী । মুখ্যমন্ত্ৰীৰ এই ভূমিকাক শলাগ লৈছে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে । মন্ত্ৰী কিষাণে কয় যে, আৰক্ষী অধীক্ষক সন্মিলনে অসমৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিব । অসমলৈ অহা পৰিৱৰ্তন আৰু মুখ্যমন্ত্ৰীয়ে কোৱা সকলো কথা এতিয়া বাস্তৱায়িত হৈ উঠিছে । এই সন্মিলনত আৰক্ষী বিষয়া সকলে মুখ্যমন্ত্ৰীৰ লগত মুকলিকৈ সকলো কথা পাতিব পাৰিছে ৷ ফলত অসমখন সকলো দিশৰ পৰাই শক্তিশালী হৈ উঠিব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.