শুকুৰবাৰে ডিব্ৰুগড়ত হ'ব মেগা ভেকচিনেশ্যন কাৰ্যসূচী

By

Published : Sep 17, 2021, 11:35 AM IST

thumbnail
()

শুকুৰবাৰে সমগ্ৰ ডিব্ৰুগড় জিলাতে আয়োজন কৰা হ’ব মেগা ভেকচিনেশ্যন কাৰ্যসূচী ৷ জিলাখনত চাহ বাগিচাৰ শ্ৰমিকৰ পৰা আৰম্ভ কৰি বানাক্ৰান্ত ৰাইজলৈ সকলোৱে যাতে ভেকচিন গ্ৰহণ কৰিব পাৰে তাৰবাবে ইতিমধ্যে ঠায়ে ঠায়ে ভেকচিনেশ্যন কেম্পৰ ব্যৱস্থা কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ৷ এই কথা জানিবলৈ দিছে ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷ বৰ্তমানলৈকে জিলাখনত প্ৰায় ৮ লাখ লোকে ক'ভিডৰ প্ৰথম পালি ভেকচিন গ্ৰহণ কৰিছে ৷ ৰাজ্যৰ ভিতৰতে ক’ভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত শীৰ্ষত আছে ডিব্ৰুগড় জিলা প্ৰশাসন ৷ শুকুৰবাৰৰ মেগা ভেকচিনেশ্যন কাৰ্যসূচীত ক’ভিড প্ৰতিষেধৰ গ্ৰহণ নকৰা লোকসকলক প্ৰতিষেধক ল’বলৈ আহ্বান জনাইছে উপায়ুক্ত পল্লৱ গোপাল ঝাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.