Majuli villagers protest: ভকত চাপৰিবাসীক সুৰক্ষা প্ৰদান কৰক ৰাজ্য চৰকাৰে

By

Published : Feb 9, 2022, 10:39 PM IST

thumbnail

৭ মাৰ্চত অনুষ্ঠিত হ’ব মাজুলীৰ উপ-নিৰ্বাচন (Majuli bye election 2022)। সকলো ৰাজনৈতিক দলেই ব্যস্ত হৈ পৰিছে এই উপ নিৰ্বাচনক লৈ । ইয়াৰ মাজতে বুধবাৰে হাতে-হাতে প্লে-কাৰ্ড লৈ ৰাজপথলৈ ওলাই অহিল মাজুলীৰ ভকত চাপৰিৰ ১৭ খন গাঁৱৰ ৰাইজ (Majuli villagers protest against assam govt) ৷ মাজুলীবাসীৰ দাবী, মাজুলীত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক, পকী দলং আৰু পকী পথ নিৰ্মাণ কৰক মাজুলীত । ১৭ খন গাঁৱৰ প্ৰায় ১৫০০ ভোটাৰ থকা বৃহত্তৰ ভকত চাপৰি অঞ্চলবাসীয়ে স্বাধীনতাৰ ৭৪ বছৰে নাপালে এটা পকী পথ, নাপালে এখন পকী দলঙো । বৰ্তমান খহনীয়া ৰোধৰ আঁচনি হ'ল বুমেৰাং । ফলত উপায়ন্তৰ হৈ গঞা ৰাইজে ভকত চাপৰিৰ মূল প্ৰৱেশ পথত আৰিলে ফলক । চৰকাৰে যদি মাজুলীবাসীৰ দাবী মানি নলয় তেন্তে উপ নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.