১১১ বছৰীয়া লাহোৱাল পূজা মন্দিৰত পুৱাৰে পৰা আৰম্ভ হৈছে নৱমী পূজা

By

Published : Oct 14, 2021, 3:58 PM IST

thumbnail
()

টীয়কৰ ঐতিহাসিক ১১১ বছৰীয়া লাহোৱাল পূজা মন্দিৰত বৃহস্পতিবাৰে পৰম্পৰা অনুসৰি আৰম্ভ কৰা হৈছে নৱমী পূজা ৷ সেই অনুসৰি পুৱাৰে মা দুৰ্গাৰ আশীষ ল'বলৈ ভিৰ কৰিছে অগণন ভক্তই ৷ উল্লেখ্য যে, ক'ভিড পৰিস্থিতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ভগামুখ স্বাস্থ্য কেন্দ্ৰৰ কেইবাগৰাকীও আশা কৰ্মীয়ে পূজা মণ্ডপৰ প্ৰৱেশদ্বাৰত ভক্তসকলক ছেনিটাইজাৰ, মাস্ক আদি প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে ৷ বিগত বছৰ সমূহত এই ঐতিহাসিক পূজা উদযাপন সমিতিয়ে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰে যদিও এইবাৰ দেশৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.