আন্দোলনক যি সকলে উপহাস কৰে সেইসকলে পঢ়ি চাওক ইতিহাস : লুৰিণ

By

Published : Nov 24, 2021, 8:35 PM IST

thumbnail

ৰাজ্যৰ ৰাজনীতিত বলিছে গৰম বতাহ ৷ মঙলবাৰে মুখ্যমন্ত্ৰীয়ে অসমত এতিয়া কোনেও কা’ আন্দোলন নকৰে বুলি কৰা মন্তব্যৰ এইবাৰ প্ৰত্যুত্তৰ দিছে লুৰিণজ্যোতি গগৈ(lurinjyoty gogoi reacts against cm of assam)য়ে ৷ ‘আন্দোলনৰ উপহাস যি সকলে কৰে, সেইসকলে ইতিহাস পঢ়ি চাব লাগে । তাৰ পিছতহে বক্তব্য আগবঢ়াব লাগে’ - এই বুলি মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ আনকি কৃষি আইন বাতিল(Farm Laws Repeal) হোৱাৰ লগে লগে কা’ৰ প্ৰাসংগিকতা অধিক শক্তিশালী(Relevance of Caa with Farm Laws Repeal) হৈছে বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷ লগতে তেওঁ উল্লেখ যে, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে আদৰ্শ, বাদানুবাদ, মতবাদ পৰিহাৰ কৰি সকলোৱে এতিয়া ঐক্যবদ্ধভাৱে কা’ৰ গণ আন্দোলন(Again CAA Protest)ত চামিল হ’ব লাগে । পুনৰ কা’ আন্দোলনত জঁপিয়াই পৰিব অসম জাতীয় পৰিষদ(AJP again to start Caa protest) । জনগণে সুযোগ দিলে পুনৰ নেতৃত্ব দিবলৈ আগবাঢ়িব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.