কাকী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলক কণ্টেইনমেণ্ট জ'ন ঘোষণা

By

Published : Jan 23, 2022, 8:13 AM IST

thumbnail

ক'ভিডৰ তৃতীয়টো ঢৌৱে বাৰুকৈয়ে কোবাইছে ৰাজ্যখনক (Covid cases increase in Assam) ৷ মাস্ক আৰু সম্পূৰ্ণ ক'ভিড ভেকচিন অবিহনে বহু ঠাইত সাধাৰণ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাজ্যৰ প্ৰশাসনে ৷ হোজাইতো ক'ভিডে ভয়ানক ৰূপ ধাৰণ কৰিছে (Increase Covid 19 cases in Hojai) ৷ বিগত 10 দিনত হোজাই জিলাত সৰ্বাধিক 791 জন লোক ক'ভিডত আক্ৰান্ত (Covid caese in Hojai) হোৱাৰ বিপৰীতে কাকী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলক জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা (Kaki Senior Secondary School declared as Containment Zone) কৰিছে । স্বাস্থ্য বিভাগে কাকী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ক’ভিড 19 ৰ পৰীক্ষা সম্পন্ন কৰাৰ সময়তে বিদ্যালয়খনৰ 12 জনকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে (12 members of Kaki Senior Secondary School tested covid positive) ৷ আক্ৰান্তসকলৰ 3 জন ছাত্ৰৰ বিপৰীতে 9 গৰাকী ছাত্ৰী ৷ যাৰ বাবে হোজাই জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.