নিবাৰণ বৰাৰ জন্ম শতবৰ্ষ উদযাপন

By

Published : Sep 11, 2021, 8:04 PM IST

thumbnail

জাতীয়তাবাদ পুণৰ নিৰ্মাণ সমিতিৰ উদ্যোগত শনিবাৰে নিবাৰণ বৰাৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰকাশ কৰা স্মৃতি গ্ৰন্থ জনজাগৰণ গুৱাহাট প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় । স্মৃতি গ্ৰন্থখন উন্মোচন কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে । জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সভাপতি ৰফিউল হুছেইন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্যেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাংসদ অজিত ভূঞাই কয় যে, নিবাৰণ বৰাক প্ৰকৃততে যি মৰ্যদা দি সন্মান জনাব লাগে, সেয়া দিব পৰা নাই । তেও আমাৰ বাবে বহুত দি গৈছে ৷ তেওঁৰ জীৱন কীৰ্তি দৰ্শন চৰ্চা হব লাগে ৷ সেই হিচাপে একো হোৱা নাই বুলিও তেওঁ মন্তব্য কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.