আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে বিপাঙত পৰিছে চাহ শ্ৰমিক

By

Published : Nov 1, 2021, 2:27 PM IST

thumbnail

এফালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধি আৰু আনফালে, অভাৱনীয় হাৰত বাঢ়িছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম । আন লোকসকলৰ দৰেই এতিয়া বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰিবলৈ গৈ সৰিয়হ ফুল দেখিছে চাহ শ্ৰমিকসকলে । চাহ বাগিচাত কাম কৰি পোৱা মজুৰিৰে পৰিয়াল পোহপাল দিয়াটো কঠিন হৈ পৰিছে শিৱসাগৰৰ আমগুৰিৰ বৰবাম চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে । আনহাতে, চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিব বুলি প্ৰতিশ্ৰুতি দি এতিয়া মজুৰি বৃদ্ধি নকৰাত ক্ষোভিত হৈ পৰিছে শ্ৰমিকসকল । কিয়নো, সামগ্ৰীৰ বৰ্দ্ধিত মূল্যই ৰামটাঙোন শোধাই থকাৰ সময়তে তেওঁলোকে নিজ সন্তানক পোহপাল দিয়া, পঢ়া-শুনা কৰাৰ খৰছো বহন কৰিবলগীয়া হৈছে । সেয়ে, বিজেপি চৰকাৰক মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ আহ্বান জনাইছে শ্ৰমিকসকলে । ইফালে, ৰাজ্য় চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰ দিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.