টেঙাখাতৰ পাণধোৱা পাৰঘাটেৰে অবৈধভাৱে গৰু সৰবৰাহ

By

Published : Sep 17, 2021, 7:47 PM IST

thumbnail

গো- সুৰক্ষা আইন বলবৎ হোৱাৰ লগে লগে ৰাজ্যত প্ৰায় বন্ধ হৈ পৰিছে গৰুৰ ব্যৱসায় ৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিদেৰ্শনাকো ভেঙুচালি কৰি অবৈধভাৱে গৰুৰ ব্যৱসায় চলাই আহিছে ডিব্ৰুগড় টেঙাখাতৰ পাপু নামৰ এজন ব্যক্তিৰ তত্বাৱধানত একাংশ অসাধু চক্ৰই ৷ প্ৰাপ্ত খবৰ মতে, নাহৰকটীয়াৰ চাচনি হৈ বুহিদিহিং নদীৰ অবৈধ পাৰ ঘাটটোৱেদি কিছু দিনৰ পৰা নাৱেৰে গৰু সৰবৰাহ কৰি আছে এই চক্ৰটোৱে ৷ জানিব পৰা মতে উক্ত গৰুবোৰ যি নাৱেৰে টেঙাখাতলৈ আনে তাত কোনো নথি পত্ৰ নাথাকে ৷ তাৰোপৰি নাহৰকটীয়াৰ পৰা সৰবৰাহ কৰা গৰুবোৰ গো-মাংসৰ বাবে ব্যৱহাৰ কৰাৰ তথ্যও পোহৰলৈ আহিছে ৷ লগতে টেঙাখাত অঞ্চলৰ পৰা এই গো-মাংসবোৰ বিভিন্ন ঠাইলৈ পঠিয়াই বুলি এক সূত্ৰই দাবী কৰিছে ৷ কিন্তু এই ক্ষেত্ৰত প্ৰশাসনে কিয় চকুমুদা কুলিৰ ভাও ধৰিছে সেই কথাকলৈহে এতিয়া চিন্তিত হৈ পৰিছে টেঙাখাতৰ সচেতন মহল ৷ আকৌ কোনো কোনো লোকৰ মতে এই গৰু ব্যৱসায়ৰ দৰে অবৈধ কাৰ্যসমূহ প্ৰশাসনৰ ছত্ৰছায়াতে সংঘটিত হৈছে ৷ এই পাৰ ঘাটটো প্ৰশাসনে বন্ধ কৰি দিছিল যদিও প্ৰশাসনক চকুৰ আগতে অতি বিপদজনকভাৱে এই টেঙাখাতৰ পাণধোৱা পাৰঘাট চলি থকা কথাটোৱে সকলোকে আচৰিত কৰি তুলিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.