সংখ্যালঘুৰ পৰা ইছলাম ধৰ্মীয় লোকক আঁতৰ কৰক : হিন্দু যুৱ ছাত্ৰ পৰিষদ

By

Published : Sep 24, 2021, 5:46 PM IST

thumbnail

ধৰ্মক লৈ ৰাজ্যৰ ৰাজনীতিৰ পৰিবেশ উত্তাল হৈ থকা সময়তে, সংখ্যালঘু আওতাৰপৰা ইছলাম ধৰ্মীয় লোকক আঁতৰ কৰাৰ দাবী হিন্দু যুৱ ছাত্ৰ পৰিষদৰ ।অসমখনক ইছলামিস্তান কৰাৰ ষড়যন্ত্ৰ চলিছে । আমছু-মিয়া পৰিষদ তালিবানী সমৰ্থক বুলিও বিস্ফোৰক মন্তব্য হিন্দু যুৱ ছাত্ৰ পৰিষদৰ । সোণাৰিত অনুষ্ঠিত হোৱা এক সংবাদ মেলযোগে এই দাবী উত্থাপন কৰিছে হিন্দু যুৱ ছাত্ৰ পৰিষদে । সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই সংবাদ মেল যোগে গৰীয়া, মৰীয়া, দেশীসকলক বাদ দি মুছলমান লোকসকলক সংখ্যালঘু আওতাৰপৰা আঁতৰ কৰিবলৈ দাবী উত্থাপন কৰে । সংবাদ মেলত বলেন বৈশ্যই কয়, ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমত মুছলমানৰ জনসংখ্যা প্ৰায় ৩৫ শতাংশ । মুছলমানৰ জন্মৰ হাৰ আন ধৰ্মীয় বা সম্প্ৰদায়ৰ তুলনাত ঠাই বিশেষে ১০০ শতাংশৰ পৰা ২০০ শতাংশ পৰ্যন্ত বৃদ্ধি হোৱাৰ উদাহৰণ আছে তেনেস্থলত ইছলাম ধৰ্মীয় লোক সকল কি যুক্তিত সংখ্যালঘু হ'ব পাৰে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.