হতাশাত ভুগিছে হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থী

By

Published : Sep 24, 2021, 9:54 PM IST

thumbnail

যোৱা ১৫ ছেপ্টেম্বৰত হাইস্কুল টেটৰ বাবে ৬,২৯৬ টা পদৰ বিজ্ঞাপন প্ৰকাশ পোৱাৰ পিছতে হতাশাত ভুগিছে হাইস্কুল টেট উত্তীৰ্ণ প্ৰাৰ্থী সকল । শুকুৰবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজিত সংবাদ মেলত এই মন্তব্য কৰে সদৌ অসম হাইস্কুল টেট উত্তীৰ্ণ সন্থাৰ সদস্য বিকাশ জ্যোতি শইকীয়াই । তেওঁ কয় যে ২০১৭ চনত হাইস্কুল টেট পৰীক্ষাৰ বাবে বিজ্ঞাপন প্ৰকাশ পায় যদিও পৰীক্ষা অনুষ্ঠিত নহ’ল । পুনৰ ২০১৯ চনত ছেপ্টেম্বৰত একেটা বিজ্ঞাপনে প্ৰকাশ পায় আৰু ২০২০চনৰ ১৯ জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত হয় । ২০২০ চনৰ ৪ মাৰ্চত ঘোাষণা কৰা ফলাফল অনুযায়ী হাইস্কুলৰ খালী পদৰ অনুপাতে উত্তীৰ্ণৰ সংখ্যা কম হোৱা বাবে পৰীক্ষা অনুষ্ঠিত কৰা কৰ্তৃপক্ষই Grace mark ৰ জৰিয়তে উত্তীৰ্ণৰ সংখ্যা বৃদ্ধি কৰে আৰু মুঠ ১২, ০৩২ জন প্ৰাৰ্থী উত্তীৰ্ণ হয় । ২০২০ চনত ছেপ্টেম্বৰত কেৱল ৫৭৪৬ টা খালী পদৰ বিজ্ঞাপন দিয়ে ‍আৰু ৫ ফেব্ৰুৱাৰী ২০২১ ত হাইস্কুল গ্ৰেজুৱেট শিক্ষক ৰূপে ৪০০০ জনেহে নিযুক্তি লাভ কৰে । প্ৰথম পৰ্যায়ৰ হাইস্কুল টেট গ্ৰেজুৱেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াত ৫৭৪৬ টা vacancy ৰ বিপৰীতে science আৰু arts মুঠ ১৫৫৩ টা vacancy ৰৈ যায় । ফলত বৰ্তমানেও প্ৰায় ৮০০০ ৰ অধিকপ্ৰাৰ্থী প্ৰথম পৰ্যায়ৰ নিযুক্তি প্ৰক্ৰিয়াত বঞ্চিত হৈ ৰৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.