কৰিমগঞ্জত জব্দ হস্ত নিৰ্মিত বন্দুক

By

Published : Jun 6, 2021, 2:24 PM IST

thumbnail

কৰিমগঞ্জৰ অসম-মিজোৰাম সীমান্তত নাগৰাত আৰক্ষীৰ অভিযানত জব্দ হস্ত নিৰ্মিত বন্দুক । নাগৰাৰ হাতাইৰবন্দ গাঁৱত আৰক্ষীয়ে মইন উদ্দিন নামৰ এজন ব্যক্তিৰ ঘৰত গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে হস্ত নিৰ্মিত বন্দুক ৷ লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় সজীৱ গুলি । আৰক্ষীয়ে ইতিমধ্যে মইন উদ্দীনক আটক কৰি আৰম্ভ কৰিছে তদন্ত । উল্লেখ্য যে, কি কাৰণে অবৈধভাৱে বন্দুক নিজৰ ঘৰত ৰাখিছে মইন উদ্দিনই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই । আৰক্ষীয়ে মইন উদ্দীনক আটক কৰি সোধ-পোছ চলাই আছে ৷ মইন উদ্দীনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.