Friendly football match in Diphu : ৫-১ গʼলৰ ব্যৱধানত পৰাস্ত জুবিন একাদশ

By

Published : Dec 16, 2021, 8:26 AM IST

thumbnail

বুধবাৰে ডিফুস্থিত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় এখন প্ৰীতি ফুটবল খেল(Friendly football match at KASA Stadium at Diphu) ৷ 15 ডিচেম্বৰত অনুষ্ঠিত হোৱা এই মেচখন জুবিন একাদশ আৰু কাৰ্বি চিনেমা শিল্পীৰ মাজত অনুষ্ঠিত হয়(Football match between Zubin XI and Karbi Cinema silpi) ৷ এই খেলখনত অংশগ্ৰহণ কৰে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে(Zubin Garg played football in Diphu) ৷ লগতে দৰ্শক হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ৷ ইয়াৰোপৰি এই খেলখনৰ জৰিয়তে ডিফুত জনপ্ৰিয় শিল্পীসকলৰ সমাৱেশক লৈ পাহাৰীয়া চহৰখনত এক উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হয় । কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই খেলখনত(Friendly football match at Karbi Anglong ) কাৰ্বি চিনেমা শিল্পী সন্থাই জুবিন একাদশক 5-1 গʼলৰ ব্যৱধানত পৰাস্ত কৰে । খেলখনৰ অন্তত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি চিনেমা শিল্পী আৰু জুবিন একাদশ দুয়োটা দলকে বঁটা প্ৰদান কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.