থাওৰা সমষ্টিত ২৮ টাকৈ পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযুষ হাজৰিকাৰ

By

Published : Sep 14, 2021, 9:12 PM IST

thumbnail

নিৰ্বাচন আহিলেই আধাৰশিলাৰ ৰাজনীতি আৰম্ভ হয় । পুনৰ সেই কথা প্ৰমাণ কৰিলে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । থাওৰা বিধানসভা সমষ্টিত ইতিহাস সৃষ্টি কৰি দুটা দিনৰ ভিতৰতে অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অধীনত থাওৰা সমষ্টিত ২৮ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই । এই পথৰ আধাৰশিলা অনুষ্ঠানত মন্ত্ৰী ৰণোজ পেগু, যোগেন মহন, সাংসদ তপন কুমাৰ গগৈ আৰু থাওৰাৰ দুই প্ৰাক্তন বিধায়ক কুশল দুৱৰী আৰু সুশান্ত বৰগোহাঁই উপস্থিত থাকে । উল্লেখ যে, কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁই বিজেপিত যোগদান কৰাৰ পাছতে থাওৰাৰ ৰাজনৈতিক সমীকৰণ সলনি হৈছে পৰিছে । থাওৰা সমষ্টি নিজৰ হাতত ৰখাৰ বাবে শাসক দল উঠি পৰি লাগিছে । সেয়ে আধাশিলাৰে ইতিহাস সৃষ্টি কৰি থাওৰাত বিজেপি চৰকাৰৰ চমক দিছে ৰাইজক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.