Cattle Smuggling : নলবাৰীত গৰুসহ ৫ সৰবৰাহকাৰীক আটক

By

Published : Nov 21, 2021, 5:36 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle Smuggling) । বিভিন্ন স্থানত আৰক্ষীৰ অভিযানত আটক হৈছে এই চক্ৰটোৰ সৈতে জড়িত বহুলোক । এইবাৰ নলবাৰী জিলাত গৰু চিণ্ডিকেট (Cow syndicate at nalbari) চক্ৰটোৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান । গোপন সূত্ৰৰ পম খেদি ঘগ্ৰাপাৰ আৰক্ষীয়ে ৮ টা গৰুসহ আটক কৰে ৫ জনকৈ গৰু চুৰি চক্ৰৰ সৈতে জড়িত লোকক । আৰক্ষীয়ে অভিযান চলাই আল্লিয়াৰ পৰা গৰুভৰ্তি বাহনসহ লোক কেইজনক আটক কৰিবলৈ সক্ষম হয় । ধৃত লোক কেইজন কৰিমুদ্দিন আলী, ৰফিকুল ইছলাম, আজমন আলী, হবিবুৰ ৰহমান আৰু ফাৰুক আলী ৷ তামুলপুৰ দিশৰ পৰা নলবাৰীলৈ আহি থকা অৱস্থাতে গৰুভৰ্তি দুখন টেম্পো বাহনসহ লোক কেইজনক আৰক্ষীয়ে আটক কৰে । ইতিমধ্যে ধৃত লোক কেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ৩৭৯, ৪১১ ধাৰাৰ অধীনত ৬০১/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰিছে । ইফালে ধৃত লোক কেইজনক ঘগ্ৰাপাৰ আৰক্ষীয়ে মাৰাথান জেৰা চলাই থকা বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.