কলিয়াবৰত অব‍্যাহত হস্তী-মানুহৰ সংঘাত

By

Published : Jul 11, 2021, 3:28 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে হস্তী-মানুহৰ সংঘাত (Man elephant conflict) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কলিয়াবৰতো অব্যাহত আছে বন‍্যহস্তী আৰু মানুহৰ সংঘাত ৷ নিশা হ'লেই বন‍্যহস্তীৰ উপদ্ৰৱে নিদ্ৰাহৰণ কৰে অঞ্চলবাসীৰ ৷ কাৰ্বি পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে দীৰ্ঘদিন ধৰি কলিয়াবৰ মহকুমাৰ হাতীগাঁও চাহ বাগিচাত (hatigaon Tea estate) সন্ত্ৰাস চলাই আহিছে । শনিবাৰে নিশা বাগিচাখনৰ ১৭ নম্বৰ লাইনৰ আয়ুৱ আলি নামৰ লোকজনৰ পঁকী ঘৰ ভাঙি বন্যহস্তীয়ে চলায় সন্ত্ৰাস । উল্লেখ্য যে, হাতীৰ আক্ৰমণৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰে আয়ুৱ আলিৰ ৷ জানিব পৰা মতে, শিলঘাট, কামাখ‍্যা, সোণাৰী গাঁও, দেৱৰ সত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে বিগত কেইবাদিন ধৰি নিশা তাণ্ডৱ চলাই আহিছে ৷ এইবাৰ কাৰ্বি পাহাৰৰ পৰা নামনিলৈ ওলাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত হৈছে হাতীগাঁও চাহ বাগিচা (hatigaon Tea estate)ৰ বহু বাসিন্দা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.