ক’ভিড মহামাৰী নিঃশেষ হোৱাৰ অৰ্থে নলবাৰীৰ পূজাত 5000 গছি বন্তি প্ৰজ্বলন

By

Published : Oct 11, 2021, 2:03 PM IST

thumbnail

দেওবাৰৰে পৰা নলবাৰীৰ বিহামপুৰৰ বাৰোৱাৰী দুৰ্গা মন্দিৰত আৰম্ভ হৈছে দুৰ্গা দেৱীৰ পূজা-অৰ্চনা । পূজাৰ দ্বাৰ মুকলি কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ মন্ত্ৰীগৰাকীয়ে সমগ্ৰ অসমবাসীলৈ জনাই শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা । ৯০ বছৰ গৰকা বিহামপুৰৰ দুৰ্গা পূজাখনিত দেওবাৰে ৰাইজৰ কুশল-মংগল কামনা কৰি ক’ভিড মহামাৰী নিঃশেষ হোৱাৰ অৰ্থে প্ৰজ্বলন কৰা হয় 5000 গছি মাটিৰ চাকি ৷ সম্পূৰ্ণ ক’ভিড প্ৰট'কল পালন কৰি মন্দিৰটোত অনুষ্ঠিত কৰা হৈছে এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.