বাইহাটা আৰক্ষীৰ জালত দুধৰ্ষ ড্ৰাগছ মাফিয়া মজনুৰ আলী

By

Published : Oct 19, 2021, 10:17 PM IST

thumbnail

ৰাজ্যত অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । তাৰ মাজতে অসম পুলিচৰ ড্ৰাগছ বিৰোধী অভিযানক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ অসাধু লোকে চলাই গৈছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । ইয়াৰ মাজতে কামৰূপ জিলাৰ বাইহাটা আৰক্ষীয়ে এটা ড্ৰাগছ মাফিয়াক আটক কৰে বাইহাটা চাৰিআলিৰ মাজমজিয়াত । ৰঙিয়া থানাৰ অন্তৰ্গত উদিয়ানাৰ দুধৰ্ষ ড্ৰাগছ মাফিয়া মজনুৰ আলীক ড্ৰাগছসহ আটক কৰা হয় । গোপন সূত্ৰৰ পম খেদি বাইহাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাই নগদ ধনসহ হাতে লোটে আটক কৰে দুধৰ্ষ ড্ৰাগছ মাফিয়াটোক । ইপিনে মজনুৰৰ পৰা ১১ টা ব্ৰাউন ছুগাৰ ভৰ্তি কণ্টেনাৰ জব্দ কৰে আৰক্ষীয়ে । বাইহাটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.