ড৹ লক্ষ্মীনন্দন বৰাৰ বিয়োগত ড৹ নগেন শইকীয়াৰ শোক প্ৰকাশ

By

Published : Jun 3, 2021, 3:44 PM IST

thumbnail

কালৰূপী কৰ'ণাত আক্ৰান্ত হৈ ইহ সংসাৰৰ পৰা বিদায় ল'লে 'পাতাল ভৈৰৱী'ৰ স্ৰষ্টা তথা প্ৰতিথযশা সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাই । কৰ'ণাত আক্ৰান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰা বৰেণ্য কথাশিল্পী, বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাই বৃহস্পতিবাৰে দুপৰীয়া গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে । ড৹ লক্ষ্মীনন্দন বৰাৰ দেহাৱসানত এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাজ্যবাসী ৷ প্ৰতিথযশা সাহিত্যিক গৰাকীৰ বিয়োগত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড৹ নগেন শইকীয়াৰ শোক প্ৰকাশ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.