অবৈধ বাংলাদেশীক জালি স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান; ডিব্ৰুগড়ত এজনক আটক

By

Published : Nov 12, 2021, 4:34 PM IST

thumbnail

ডিব্ৰুগড় চাউলখোৱাৰ চৰকাৰী গাঁওবুঢ়াৰ চহী, পেড, চীল মোহৰ জালিয়াতিৰে অবৈধ বাংলাদেশীক স্বদেশী সজো়ৱাৰ অভিযোগত ৱাৰুল আলী নাম এগৰাকী লোকক আটক কৰিছে আৰক্ষীয়ে ৷ গাঁওবুঢ়া ৰুবুল আলীৰ চহী, পেড, চীল মোহৰ জালি কৰি সন্দেহযুক্ত নাগৰিকক চাউলখোৱাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছিল ৱাৰুল আলী আৰু ছাজিদ খান নামৰ দুই দালালে । দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল আটকাধীন ৱাৰুল আলী ৷ গাঁওবুঢ়াৰ এজাহাৰৰ ভিত্তি ৱাৰুল আলীক আটক কৰিছে ডিব্ৰুগড়ৰ গাভৰুপথাৰ আৰক্ষীয়ে । বৰ্তমানেও পলাতক হৈ আছে ৱাৰুলৰ সতীৰ্থ ছাজিদ খান ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.