বন বিভাগৰ চূড়ান্ত অমনোযোগিতাৰ ফল : চৰাইদেউত চলিছে বন ধ্বংস

By

Published : Nov 10, 2021, 1:28 PM IST

thumbnail

বন বিভাগৰ চূড়ান্ত অমনোযোগিতা তথা হেমাহিৰ বাবেই বনদস্যুৰ কবলত পৰিছে চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চল ৷ বনাঞ্চলখনৰ বহু মূল্যৱান গছ কাটি কুণ্ডা পেলাই থোৱাৰ দৃশ্য ইতিমধ্যে বন্দী হৈছে সংবাদ মাধ্যমৰ কেমেৰাত ৷ সোণাৰিৰ নাফুকস্থিত আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনত থকা বনাঞ্চলখনৰ প্ৰায় ১০ কিল’মিটাৰজোৰা এলেকাত থকা মূল্যবান গছসমূহ চোৰাংভাৱে কাটি মজুত ৰাখিছিল দুষ্টচক্ৰই ৷ এই সম্পৰ্কে গোপন তথ্য লাভ কৰি আৰক্ষী আৰু বন বিভাগৰ এটা দলে শেহতীয়াকৈ বনাঞ্চলখনত চলাই অভিযান ৷ চৰাইদেউৰ জিলা অতিৰিক্ত আৰক্ষী বিষয়া অমিতাভ বসুমতাৰীৰ নেতৃত্বত চলিছিল এই অভিযান ৷ অভিযানকাৰী দলৰ সন্মুখতে চলা এনে বন ধ্বংসকাৰ্য দেখাৰ পিছত বন বিভাগে কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.