আদানী-আম্বানী-ৰামদেৱক লৈয়েই বিজেপি চৰকাৰৰ পৃথিৱী : দেৱব্ৰত শইকীয়া

By

Published : Oct 10, 2021, 8:12 PM IST

thumbnail

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰখনৰ পৃথিৱীখন কেৱল আম্বানী, আদানী আৰু ৰামদেৱক কেন্দ্ৰ কৰিয়েই চলি আছে । এই তীৰ্যক মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । শেহতীয়াকৈ পেট্ৰল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ সপক্ষে যুক্তি দিবলৈ গৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই বুলি মন্তব্য কৰিছিল যে, চৰকাৰে সমগ্ৰ দেশবাসীক বিনামূলীয়াকৈ ক'ভিড ভেকচিন দিবলগীয়া হোৱা বাবেই ইন্ধনৰ মূল্যবৃদ্ধি ঘটিছে । মন্ত্ৰী গৰাকীৰ এনে আজৱ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দেওবাৰে বিৰোধী দলপতি গৰাকীয়ে কয় যে, মোদীৰ চৰকাৰখনত এনেকুৱা একাংশ মন্ত্ৰী থকাৰ বাবেই আজি দেশখনৰ এই অৱস্থা হৈছে । তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে কৰ্প'ৰেট টেক্স কমাই দি, ৰেহাই দি আম্বানী, আদানী আৰু ৰামদেৱক লাখ লাখ টকাৰ পৰা মুক্তি দিছে । অথচ ইয়াৰ বিপৰীতে হোৰাহোৰে বাঢ়িছে ইন্ধনৰ দাম । অসমৰ মানুহৰ ভোটকেইটাৰ স্বাৰ্থতহে মন্ত্ৰীসভাত মোদীয়ে অসমৰ দুজনকৈ মন্ত্ৰী ৰাখিছে বুলি মন্তব্য কৰে দেৱব্ৰত ‌শইকীয়াই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.