হাফলঙৰ দিয়ুং নৈত সম্পন্ন প্ৰতিমা বিসৰ্জন পৰ্ব

By

Published : Oct 16, 2021, 10:00 AM IST

thumbnail

শুকুৰবাৰে ৰাজ্যবাসীয়ে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে দেৱী দুৰ্গাক ৷ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিসৰ্জনৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিছিল কিছু নীতি-নিয়ম ৷ সমান্তৰালকৈ ডিমা হাছাও জিলাতো প্ৰশাসনে বিসৰ্জন পৰ্ব সন্ধিয়াৰ পূৰ্বে শেষ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল ৷ ইয়াৰ উপৰিও বিসৰ্জনৰ পৰ্বে প্ৰতিমাক লৈ শোভাযাত্ৰা কৰাৰ ক্ষেত্ৰতো আৰোপ কৰা হৈছিল নিষেধাজ্ঞা ৷ প্ৰশাসনৰ নিৰ্দেশ মানিয়েই হাফলং চহৰৰ প্ৰায় 22 খন পূজা কমিটিয়ে দিয়ুং নৈত প্ৰতিমাসমূহ বিসৰ্জন দিয়ে ৷ বিসৰ্জনৰ সময়ত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে সকলো নীতি-নিৰ্দেশনা পালন হৈছে নে নাই সেই দিশত কঠোৰ দৃষ্টি নিক্ষেপ কৰি আছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.