Tiger menace in Kaliabor: কলিয়াবৰত বাঘে খালে তিনিটাকৈ গৰু

By

Published : Jan 21, 2022, 9:34 PM IST

thumbnail

দিন দুপৰতে কলিয়াবৰৰ পাহাৰগুৰি গাঁৱত বাঘৰ আতংক (Tiger menace in Kaliabor) ৷ বাঘৰ আক্ৰমণৰ বলি হ'ল তিনিটাকৈ গো-ধন (Cattle attacked by tiger) ৷ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি কলিয়াবৰৰ পাহাৰগুৰি অঞ্চলত প্ৰৱেশ কৰি এটা প্ৰকাণ্ড বাঘে সৃষ্টি কৰে আতংক । বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ নামি পৰিছে বাঘটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠোৱাৰ অভিযানত । দিন দুপৰতে সমীপৱৰ্তী পাহাৰগুৰি গাঁৱত এটা প্ৰকাণ্ড বাঘ প্ৰৱেশ কৰাক লৈ আতংকিত হৈ পৰিছে গাঁওবাসী ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.