আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা কৰা চুপাৰী মাফিয়াক Encounter

By

Published : Jul 21, 2021, 9:51 AM IST

thumbnail

চুপাৰী চিণ্ডিকেট (Supari syndicate )ৰ সৈতে নাম সাঙোৰ খোৱা মাফিয়া (Supari Mafia) আব্দুল হান্নান মঙলবাৰে নিশা বঙাইগাঁও আৰক্ষী (Bangaigaon Police)ৰ হাতত গুলিবিদ্ধ হয় । বঙাইগাঁও আৰক্ষী (Bangaigaon Police)ৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা সময়তে আৰক্ষীৰ গুলিত আহত হয় চুপাৰী মাফিয়া আব্দুল হান্নান । আৰক্ষীয়ে লগে লগে আহত আব্দুল হান্নান ওৰফে বাবলুক বঙাইগাঁও অসামৰিক চিকিৎসালয় (Bangaigaon civil Hospital)ত ভৰ্তি কৰে ৷ বৰ্তমান আব্দুল হান্নান ওৰফে বাবলুক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল (GMCH)লৈ প্ৰেৰণ কৰা হৈছে ৷ বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জনোৱা অনুসৰি, বঙাইগাঁৱৰ ছৌৰাগুৰিত বাৰ্মিজ চুপাৰীৰ তদন্তৰ বাবে আৰক্ষীয়ে হান্নানক গুৱাহাটীৰ পৰা বঙাইগাঁৱলৈ আনিছিল । আৰক্ষীৰ দলটোৱে ঘূৰি অহা পথত চাপৰাকাটাত গাড়ী ৰখাই হোটেলত খোৱাৰ ব্যৱস্থা কৰোতে আব্দুল হান্নানে আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলায়নৰ চেষ্টা চলোৱাত আৰক্ষীয়ে গুলী চালনা কৰিব লগীয়া হয় ৷ এই ঘটনাত দুজন আৰক্ষী জোৱানো আহত হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.