তিনিচুকীয়াত গো-মাংস ভৰ্তি বলেৰ’ বাহন জব্দ

By

Published : Dec 27, 2021, 10:03 AM IST

thumbnail

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অকাট্য যুক্তিৰ পিছত সদনত ধ্বনি ভোটৰ মাজেৰে গৃহীত বহুচৰ্চিত গো-সুৰক্ষা বিধেয়ক (Cattle Preservation Bill 2021) ৷ এই বিধেয়ক গৃহীত হোৱাৰ পাচতে তিনিচুকীয়াৰ হিজুগুৰিত শুকুৰবাৰে নিশা উদ্ধাৰ হৈছে গো-মাংস ভৰ্তি বিলাসী বাহন ৷ আৰক্ষীৰ এটা টহলদাৰী দলে থানাৰ সন্মুখতে এখন বিলাসী বলেৰ’ বাহনত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গো-মাংস (Beef seized by Tinsukia Police) ৷ হিজুগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপক ছেত্ৰীৰ নেতৃত্বাধীন আৰক্ষীৰ এটা দলে থানাৰ সন্মুখতে ৰখাই থোৱা AS 23 W 9080 নম্বৰৰ বলেৰ’ বাহনখন প্ৰত্যক্ষ কৰি বাহনখনক ৰ’বলৈ সংকেত প্ৰদান কৰে ৷ কিন্তু আৰক্ষীৰ নিৰ্দেশ নামানি বাহনখনে পলায়ন কৰে ৷ আৰক্ষীয়ে খেদি খেদি গৈ বাহনখন আগভেটি ধৰি তালাচী চলাই বৃহৎ পৰিমাণৰ গো-মাংস জব্দ কৰে (Beef seized at Tinsukia) ৷ অৱশ্যে আন্ধাৰৰ সুযোগ লৈ বাহনখনৰ চালকে পলায়ন কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, বাহনখনে মাকুম হাপজানৰ পৰা গো-মাংস কঢ়িয়াই হিজুগুৰি বজাৰলৈ নি আছিল । গো-মাংসৰ সৈতে জব্দ কৰা বাহনখন হিজুগুৰিৰ জাফাৰ খানৰ বুলি আৰক্ষীয়ে সদৰী কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.