নিশা বিছনাৰ পৰাই চুৰি কৰি লৈ গ’ল পানী কেঁচুৱা

By

Published : Sep 10, 2021, 4:50 PM IST

thumbnail

বঙাইগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ নিশা বিছনাৰ পৰাই পানী কেঁচুৱা চুৰ কৰি নিলে কোনো অজ্ঞাত লোকে । বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰ গাঁৱত নিশা মাতৃৰ বুকুত শুই থকা অৱস্থাৰ পৰাই অন্তৰ্ধান হ’ল এটি পানি কেঁচুৱা ৷ নানকাৰ গাঁৱৰ বিনয় সুত্ৰধৰৰ ১৮ দিনীয়া সন্তানক নিশা ১২মান বজাত কোনোবা অজ্ঞাত লোকে চোৰ কৰি লৈ যায় শোৱাপাটীৰ পৰাই ৷ উল্লেখ্য যে, ঘৰৰ দৰ্জা বন্ধ থকাৰ পিছতো কোনে কেনেকৈ ঘৰৰ ভিতৰত সোমাই পানি কেঁচুৱা সন্তানটিক চুৰ কৰি লৈ গ’ল সেয়া এক সাঁথৰ হৈ পৰিছে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে বিদ্যাপুৰ আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.