আশাকৰ্মীক চৰকাৰী কৰ্মচাৰীৰ মৰ্যদা প্ৰদানৰ দাবী

By

Published : Sep 25, 2021, 12:30 PM IST

thumbnail

শুকুৰবাৰে প্ৰতিবাদত উত্তাল হ’ল ৰাজপথ ৷ ৰাজ্যৰ আশাকৰ্মীসকলক চৰকাৰী কৰ্মচাৰী হিচাপে নিয়োজিত কৰাৰ দাবীত প্ৰতিবাদত উত্তাল হ’ল ডিব্ৰুগড় ৷ সদৌ অসম আশা কৰ্মী সন্থাৰ কৰ্মীসকলৰ দাবী, আঁচনিভুক্ত শ্ৰমিকক প্ৰদান কৰক মাহিলী ২১ হাজাৰ টকাকৈ দৰমহা ৷ তদুপৰি চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান, নিয়োগ পত্ৰ প্ৰদান কৰাৰ লগতে ২৭ অক্টোবৰত ভাৰত বন্ধৰ সমৰ্থনত শুকুৰবাৰে ডিব্ৰুগড়ৰ ৰাজপথত সদৌ অসম আশা কৰ্মী সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আনকি চৰকাৰে প্ৰতিবাদকাৰীসকলৰ এই দাবীসমূহ পুৰণ নকৰালৈকে ৰাজ্যৰ প্ৰতিটো স্থানতে আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে আশা সন্থাৰ কৰ্মীসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.