ভূৱন পেগুক নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰাই ৰাখিব লাগে: অখিল গগৈ

By

Published : Oct 27, 2021, 1:35 PM IST

thumbnail

উপ নিৰ্বাচনৰ প্ৰাকক্ষণত ক্ৰমান্বয়ে গৰম হৈ পৰিছে থাওৰাৰ ৰাজনৈতিক পৰিৱেশ ৷ মঙলবাৰে সুশান্ত বৰগোঁহাইৰ হৈ থাওৰাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা সময়তেই থাওৰাত ঠায়ে ঠায়ে নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হয় বুলি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ৷ ডিমৌ প্ৰেছ ক্লাবত অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ কৰ্মী সকলৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন কৰে । জোনাইৰ বিধায়ক ভূৱন পেগুৰ নেতৃত্বত ৰাইজৰ দলৰ কৰ্মীক শাৰিৰীক আক্ৰমণৰ অভিযোগ অখিল গগৈৰ । থাওৰাৰ পশ্চিম পানীদিহিং পঞ্চায়তত ভূৱন পেগুৰ নেতৃত্বত ৰাইজৰ দলৰ পোষ্টাৰ, ফ্লেগ, বেনাৰ আদিৰ ফলাৰ উপৰিও ৰাইজৰ দলৰ কাৰ্যালয়ত প্ৰৱেশ কৰি ৰাইজৰ দলৰ কৰ্মীক প্ৰহাৰৰো অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে ৷ ভূৱন পেগুক নিৰ্বাচনী প্ৰচাৰৰ পৰা আঁতৰাই ৰাখিবলৈ অনুৰোধ অখিল গগৈৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.