বজাৰত মূল্য বৃদ্ধিৰ জুই; চৰকাৰক নিদ্ৰাৰ পৰা জগাবলৈ আছুৰ গণ সত্যাগ্ৰহ

By

Published : Oct 22, 2021, 8:06 PM IST

thumbnail

পেট্ৰ'লজাত সামগ্ৰীৰ লগতে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে ৰাজ্যবাসীক ৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সমগ্ৰ ৰাজ্যতে সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰিলে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৷ ম’হৰ গাড়ীৰ ব্যৱহাৰ কৰি ইন্ধন জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ইংগিত দিলে প্ৰতিবাদকাৰী সকলে ৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাতে-হাতে প্লে' কাৰ্ড, পিয়াঁজ আলুৰ মালা, ডেক্সি-কেৰাহী, কাঁহী-বাতি, ৰন্ধন গেছ লৈ মূল্যবৃদ্ধিৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰে ছাত্ৰ কৰ্মী সকলে ৷ সত্যাগহস্থলীৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, ''বজাৰত লাগিছে জুই চৰকাৰ আছে শুই '' ৷ সমগ্ৰ ৰাজ্যতে শুকুৰবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল আছু সদস্যসকলক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.