আছু কৰ্মীৰ ওপৰত নিৰ্যাতন চলাবলৈ আৰক্ষী বাহিনীক মেলি দিয়াৰ অভিযোগ

By

Published : Dec 29, 2021, 10:16 PM IST

thumbnail

আছু কৰ্মীৰ ওপৰত নিৰ্যাতন চলাবলৈ চৰকাৰে আৰক্ষী বাহিনীক মেলি দিয়াৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে (AASU workers arrested in Dibrugarh) । ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি দীপাংক নাথে কয়, ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ(Dibrugarh SP Shwetank Mishra)ই এদল পুলিচ বাহিনীৰ সৈতে শ্বহীদ বেদী জোতা- চেন্দেলেৰে গচকি অপমান কৰাৰ লগতে আছু কৰ্মীক বৰ্বৰ অত্যাচাৰ কৰাৰ কথা কোনো এজন আছু কৰ্মীয়ে মানি নলয় । এইখন চৰকাৰে দমনমূলক নীতিৰে চৰকাৰ চলাব খুজিছে (AASU President Dipanka Nath on Dibrugarh incident)। অত্যাচাৰীৰ ৰাজত্ব বন্ধ হ'ব লাগিব বুলি কোৱাৰ লগতে সভাপতি গৰাকীয়ে কয় যে আৰক্ষী অধ্যক্ষগৰাকীয়ে এইদৰে আছু কৰ্মীৰ ওপৰত অত্যাচাৰ কৰি সাৰি যাব নোৱাৰিব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.