চন্দ্ৰমোহন পাটোৱাৰীক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰাৰ দাবী শংকৰ জ্যোতি বৰুৱাৰ

By

Published : Sep 14, 2021, 9:46 PM IST

thumbnail

যোৰহাট জিলাৰ পূব প্ৰান্তৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মঙলবাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত হৈ বন্তি জ্বলাই ৰাজ্যবাসীৰ কুশলৰ বাবে নেদেখাজনৰ চৰণত সেৱা আগবঢ়ায়। লগতে যোৱা বুধবাৰে যোৰহাটৰ নিমাতীঘাটত সংঘটিত হোৱা মৰ্মান্তিক নাও দুৰ্ঘটনাত নিহত আৰু আহতসকলৰ আত্মাৰ সদগতি তথা আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে । ইয়াৰ লগতে তেওঁ দুৰ্ঘটনাৰ বাবে বিভাগীয় মন্ত্ৰী-বিষয়াক দোষাৰোপ কৰি বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক তীব্ৰ সমালোচনা কৰি অনতি পলমে উক্ত ঘটনাৰ উচিত তদন্ত কৰি ব্যৰ্থ মন্ত্ৰীগৰাকীক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় । উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী নিমাতীঘাটত উপস্থিত হৈ একক ইঞ্জিন চালিত নাও যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছিল যদিও উক্ত দিনাই বিয়লিভাগলৈ আছুৰ সাধাৰণ সম্পাদকগৰাকীসহ এক সজাতি দল একক ইঞ্জিন চালিত নাৱেৰে নিমাতীঘাটৰ পৰা মাজুলীলৈ যাত্ৰা কৰাক লৈ এক বিতৰ্কৰ সূত্ৰপাত হৈছিল । এই ঘটনাৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সম্পাদকগৰাকীয়ে উক্ত বিতৰ্কটো দুৰ্ভাগ্যজনক আখ্যা দি দুখৰ সময়ত ৰাইজৰ দুখৰ সমভাগী হৈ সহায়ৰ হাত আগবঢ়াটোহে শ্ৰেয় বুলি মন্তব্য কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.