বেংকত শাৰী পাতি থকা মহিলাক অশালীন ব্যৱহাৰ; প্ৰতিক্ৰিয়া নাৰী সংগঠনৰ

By

Published : Sep 15, 2021, 5:36 PM IST

thumbnail

ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিৰ ভাৰতীয় ষ্টেট বেংকত মঙলবাৰে সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা ৷ বেংকৰ কাউণ্টাৰৰ লাইনত থিয় থকাৰ সময়তে এগৰাকীৰ ভদ্ৰ মহিলাৰ সৈতে অশালীন কাৰ্য সংঘটিত কৰাৰ প্ৰয়াস কৰিছে এজন লোকে ৷ দিন-দুপৰতে বহু লোকৰ উপস্থিতিতে বিকৃত মানসিকতাৰ পৰিচয় দি অশালীন কাৰ্য সংঘটিত কৰাৰ চেষ্টা চলায় লোকজনে ৷ লোকজনৰ এই কাণ্ড বেংকত উপস্থিত কোনো লোকে গোপনে ৰেকৰ্ডিং কৰি প্ৰচাৰ কৰে social media ত ৷ মূহুৰ্ততে ভাইৰেল হোৱা এই ভিডিঅ’ই তোলপাৰ লগায় সৰ্বত্ৰে ৷ এই ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ আইন-শৃংখলা শাখাৰ বিশেষ সঞ্চালক জি পি সিঙেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডিব্ৰুগড় আৰক্ষীক তদন্তৰ নিৰ্দেশ দিয়ে ৷ সম্প্ৰতি এই কাণ্ডক লৈ আৰম্ভ হৈছে ডিব্ৰুগড় আৰক্ষীৰ অভিযান ৷ চাওকচোন ঘটনা সন্দৰ্ভত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জিলাখনৰ স্থানীয় নাৰী সংগঠনে-

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.