ক'ভিড-১৯ত আক্ৰান্ত হ'ল সোণাৰিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ এগৰাকী ছাত্ৰী

By

Published : Dec 29, 2021, 5:34 PM IST

thumbnail

চৰাইদেউ জিলাৰ সোণাৰিস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনত ক'ভিড-১৯ৰ আতংক(Covid infection in Sankardev Sishu Niketan in Sonari) । মঙলবাৰে বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীৰ দেহত ধৰা পৰে কৰ'ণা ভাইৰাছৰ অৱস্থিতি(Student tests Covid positive in Sonari) । বিদ্যালয়খনত মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে শনিবাৰ পৰ্যন্ত বিদ্যায়লখন বন্ধ ৰখা হ'ব বুলি ঘোষণা কৰা হৈছে । আন ছাত্ৰ-ছাত্ৰীসকলো যাতে মহামাৰীৰ কবলত নপৰে, তাৰ বাবে এই সিদ্ধান্ত লৈছে বিদ্যালয় কৰ্তৃপক্ষই । সাৱধনতামূলকভাৱে মঙলবাৰে বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰাইছিল । উল্লেখ্য যে, ক'ভিড-১৯ৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰা হৈছিল যদিও প্ৰায়বোৰ বিদ্যালয়তে এতিয়া কৰ'ণাৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.